জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ২০ ডিচেম্বৰঃ ভাৰত-পাক সীমান্তত সন্ত্ৰাসবাদীৰ ভেটিত পুনৰ অঘটন। জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী। ছোপিয়ানৰ মুঞ্জ মাৰ্গ অঞ্চলত এই ঘটনা সংঘটিত হৈছে। নিহত সন্ত্ৰাসবাদীকেইটা লস্কৰ-ই-তৈবাৰৰ সদস্য।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা ৩ সন্ত্ৰাসবাদীৰ ভিতৰত ২ টাক চিনাক্ত কৰা হৈছে। নিহত সন্ত্ৰাসবাদী ৩ টাৰ এটা শ্বপিয়ানৰ লতিফ লোন বুলি চিনাক্ত কৰা হৈছে। লতিফ লোন কাশ্মীৰী পণ্ডিত পুৰাণ কৃষ্ণ ভাটৰ হত্যাত জড়িত আছিল। চিনাক্ত হোৱা আনটো সন্ত্ৰাসবাদী উমৰ নাজিৰ। কাশ্মীৰৰ অনন্তনাগৰ উমৰ নাজিৰ নেপালৰ তিল বাহাদুৰ থাপাৰ হত্যাত জড়িত আছিল।

এই অভিযানত নিৰাপত্তাৰক্ষীসকলে এটা একে ৪৭ ৰাইফল, ২ টা পিষ্টল উদ্ধাৰ কৰিছে। এই তথ্য কাশ্মীৰৰ এ ডি জি পিয়ে প্ৰকাশ কৰিছে।সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান ১ আৰ আৰ আৰু ১৭৮ চি আৰ পি এফে যুটীয়াভাৱে চলাইছিল।

Daily time axomIndiaJammu&KashmirKilledTerrorist