Daily Time Axom

পুনৰ তিনিচুকীয়াত গুলীয়াগুলী, সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক

48

নিউজ ডেস্ক, ২১ ডিচেম্বৰঃ পুনৰ তিনিচুকীয়াত সেনা-উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক। ডিগবৈ-পেঙেৰী পথৰ ঢেকীয়াজানত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পাছতেই সেনাই অঞ্চলজুৰি তীব্ৰতৰ কৰিছে অভিযান। পথটোৰে বন্ধ কৰি দিয়া হৈছে যাতায়াত।

আহত যুৱকজন পেঙেৰী খাটাংপানীৰ অমৃত মুখীয়া বুলি জানিব পৰা গৈছে। ইতিমধ্যে আহত যুৱকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে সোধা-পোছা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.