নিউজ ডেস্ক, ২১ ডিচেম্বৰঃ বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ। মেঘালয়ৰ সৈতে বিবদমান অঞ্চলক লৈ মন্তব্য দাঙি ধৰাৰ সময়তে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সদনৰ মজিয়াত অখিল গগৈ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত সৃষ্টি হয় বাদানুবাদ।
ইয়াৰ মাজতে অখিল গগৈয়ে অতুল বৰাক ‘ঐ দম নিদিব’ বুলি কয়। ইয়াৰ পিছতে অখিলৰ এনে মন্তব্যক লৈ অসন্তুষ্ট হৈ পৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অখিল গগৈক ক্ষমা খোজাৰো দাবী জনায় অধ্যক্ষই।
Comments are closed, but trackbacks and pingbacks are open.