আপোনাৰ প্রিয় ফাষ্ট ফুড কিমান বিষাক্ত !

কৰ্ম ব্যস্ততাৰ বাবে আৰু সহজতে উপলব্ধ বাবে সকলোৰে প্রিয় ফাষ্ট ফুড । মুখৰ ৰুচিৰ বাবে নিজে প্ৰস্তুত কৰা খাদ্যতকৈ হেটেল ৰেষ্টুৰেন্টৰ খাদ্যহে বেছি গুৰুত্ব । লোভে পাপ, পাপে মৃত্যুৰ দৰে মুখৰ সু-স্বাদৰ খাদ্যৰ বেছি পছন্দৰ  ফাষ্ট ফুড । কিন্তু ফাষ্ট ফুড যে আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক সেয়া খুব কম সংখ্যকে বুজে । ফাষ্ট ফুড খোৱাৰ পিছত পেটৰ বিষ, বমি ভাব আদিৰ দৰে বহু লক্ষ্যনে দেখা দিয়া বুলি বহুতে কয় ।

আজি জানি থওক ফাষ্ট ফুড খোৱাটো স্বাস্থ্যৰ কাৰণে কিমান বিপদজনক ? ফাষ্ট ফুডত প্ৰায়ে কেলৰি, চৰ্বি আৰু চেনী অধিক থাকে তথাপিও পুষ্টি আৰু আঁহ কম থাকে।

ফলত আপোনাৰ মেদবহুলতা, ডায়বেটিচ আৰু উচ্চ ৰক্তচাপত ভুগিব পাৰে । ফাষ্ট ফুডত অস্বাস্থ্যকৰ তেলৰ বাবে ছালৰ সমস্যাত ভুগিব পাৰে। কাৰণ নিমখীয়া খাদ্যই ছালক ডিহাইড্ৰেট কৰে আৰু ইয়াৰ ফলস্বৰূপে ছালে ইয়াৰ ক্ষতিপূৰণ ৰখাৰ বাবে অতিৰিক্ত তেল উৎপাদন কৰে। ফলত ছালৰ ক্ষতি হ’ব পাৰে ।

ফাষ্ট ফুডত সু-স্বাদু ফেলভাৰৰ বাবে ব্যৱহাৰ হয় এজিনো মটোৰ । আমি ক্ৰয় কৰা সৰ্বাধিক সংখ্যক পেকেজ খাদ্যত এজিনো মটো নামেৰে জনাজাত এই সুস্বাদু উপাদানটো। ফাষ্ট ফুড ব্য়ৱহৃত আটাইতকৈ বিষাক্ত দ্ৰব্যটোৱে হ’ল এজিনো মটো। ফাষ্ট ফুড সোৱাদযুক্ত কৰাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ ব্যৱহাৰে শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। চিকিৎসকৰ মতে- এজিনো মটোই মেড বহুলতা বৃদ্ধি কৰে। কৰ্কট ৰোগৰ বাবেও এজিনো মটো দায়ী। আনহাতে ৰক্তচাপৰ ক্ষেত্ৰতো ই ব্য়াপক প্ৰভাৱ পেলায়। এক প্ৰকাৰে ফাষ্ট ফুডত ব্যৱহাৰ কৰাএজিনো মটো হৈছে মানৱ দেহৰ বাবে Slow Poison.

Photo

এজিনো মটোত ছডিয়াম বা নিমখৰ অধিক ব্যৱহাৰৰ ফলত মস্তিষ্কৰ ক্ষতি হয় । এজিনো মটোৰ অত্যাধিক ব্যৱহাৰৰ ফলত গাঁঠি আৰু পেশীৰ বিষ বিশেষকৈ আঁঠুত হ’ব পাৰে। ফলত হাড়ৰ শক্তি হ্ৰাস কৰে আৰু লগতে কেলচিয়ামৰ পৰিমাণ হ্ৰাস কৰে ।

AssamDaily time axomfastfoodhelthIndia