Daily Time Axom

কাছাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰসহ মূল সুঁতিলৈ উভতিল ৯ উগ্ৰপন্থী সদস্য

50

নিউজ ডেস্ক, ২২ ডিচেম্বৰঃ কাছাৰৰ লক্ষীপুৰত বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মসমৰ্পণ। মাৰণাস্ত্ৰসহ HPC(D)ৰ ৯জনকৈ সদস্যৰ আত্মসমৰ্পণ। কাছাৰ আৰক্ষীৰ ওচৰত নিশা আত্মসমৰ্পণ কৰে সদস্যকেইজনে। আত্মসমৰ্পণকাৰী সদস্যকেইজনে জমা দিছে একাধিক মাৰণাস্ত্ৰ। জমা দিছে ২টা AK47, ২টা ৰাইফল, ৪টা পিষ্টল, ৯০ জাঁই সক্ৰিয় গুলী।

দক্ষিণ অসম ৰেঞ্জৰ DIG কংকনজ্যোতি শইকীয়া, কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৰ ওচৰত আত্মসমৰ্পণ। আনহাতে নতুন বছৰত আনুষ্ঠানিকভাৱে ঘূৰি আহিব সংগঠনটোৰ প্ৰায় ১০৪ সদস্য।

Comments are closed, but trackbacks and pingbacks are open.