কটকটীয়া নিৰাপত্তা বেষ্টনী ভাঙি অসম বিধানসভা চৌহদৰ পৰাই চুৰি বলেৰ’ বাহন

নিউজ ডেস্ক, ২২ ডিচেম্বৰঃ এইবাৰ বিধানসভাৰ চৌহদৰ পৰা চুৰি হ’ল গাড়ী। AS 01EB 6695 নম্বৰৰ এখন বলেৰ’ বাহন লৈ যায় চোৰে। আৰক্ষী–নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অসম বিধানসভা চৌহদৰ পৰা বলেৰ’ বাহন চুৰি হোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

গাড়ীখন চৰকাৰী বাহন আছিল। লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ আছিল বাহনখন।

AssamDaily time axomGuwahatiIndiaThief