Daily Time Axom

ম্যানমাৰৰ সামৰিক চৰকাৰক ৰাষ্ট্ৰসংঘৰ দাবী

38

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আং ছান ছুকীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ প্ৰস্তাৱ গৃহীত কৰে। প্ৰস্তাৱটোত ম্যানমাৰৰ সামৰিক জন্টা চৰকাৰক ছ্যু কি আৰু সেই দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি উইন ম্যুণ্টকে ধৰি সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দিবলৈ আহ্বান জনোৱা হৈছে। গৃহীত প্ৰস্তাৱটোত কোৱা হৈছে যে ৭৭ বছৰীয়া ছ্যু কিকে ধৰি ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিলে ম্যানমাৰত হিংসাত্মক পৰিস্থিতিৰ অন্ত পৰিব।

ম্যানমাৰৰ সেনাই যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত অভ্যুত্থান ঘটাই ছ্যু কিৰ নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচিক উফৰাই পেলাইছিল। তেতিয়াৰ পৰাই শান্তিৰ নোবেল বঁটা বিজয়ী নেত্ৰীগৰাকী আৰু তেওঁৰ সংগীসকল জেলত আছে। ইয়াৰ পিছত ম্যানমাৰৰ জন্টা চৰকাৰৰ নিয়ন্ত্ৰিত আদালতে দুৰ্নীতি, জন অশান্তিৰ সমৰ্থন, Covid নিয়ম উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা আদি কেইবাটাও অভিযোগত ছু কীয়ে বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

২০২০ চনৰ নৱেম্বৰ মাহত ম্যানমাৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই ভোটত বৃহৎ সংখ্যক আসন লাভ কৰি ছুকীৰ দলে জয়লাভ কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এদিন ঘৰৰ বাহিৰত থিয় হৈ সমৰ্থকক হাত জোকাৰিছিল ছ্যু কিয়। যদিও কোনো সমাৱেশ নাছিল, তথাপিও বহু লোকে পাৰ হৈ যোৱা গাড়ীৰ পৰাই ছুকীক সম্ভাষণ জনাইছিল। তেতিয়া ছু কীয়ে মাস্ক বা ফেচ শ্বিল্ড পিন্ধা নাছিল। ম্যানমাৰৰ আদালতে সেই ঘটনাক ‘কভিড আইন উলংঘাৰ চূড়ান্ত উদাহৰণ’ বুলি চিনাক্ত কৰিছে।

ম্যানমাৰৰ সামৰিক শাসনক লৈ ছুকীৰ বিৰুদ্ধে উৎকোচ আৰু নিৰ্বাচনী উলংঘাকে ধৰি কমেও ১৮টা অভিযোগ উত্থাপন কৰা হৈছিল। সেই সকলোবোৰ অভিযোগত দোষী সাব্যস্ত হ’লে তেওঁক সৰ্বাধিক ১৯০ বছৰ কাৰাদণ্ড বিহা হ’ব পাৰে! ক’বলৈ গ’লে, যোৱা চাৰিটা দশকত সামৰিক বাহিনীয়ে বাৰে বাৰে নিপীড়িত হোৱাৰ পাছতো ৰাষ্ট্ৰসংঘত ছ্যুকীৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰাটো প্ৰথমবাৰৰ বাবে।

Comments are closed, but trackbacks and pingbacks are open.