Daily Time Axom

পানীয়ে প্ৰাণীৰ প্ৰাণ

69

নিউজ ডেস্ক, ২২ ডিচেম্বৰঃ পানীয়ে প্ৰাণীৰ প্ৰাণ । সেয়ে সকলোৱে জানে যে মানৱ শৰীৰক প্ৰতিদিনে আঠ গিলাচ পানীৰ বা ২ লিটাৰৰ প্ৰয়োজন ।

শেহতীয়া এটা গৱেষণাত দৈনিক ৬ কাপ ঠাণ্ডা পানী খোৱাৰ ফলত প্ৰতিদিনে মেটাবলিষ্ট প্ৰায় ৫০ কেলৰি বৃদ্ধি হ’ব পাৰে। যিটো প্ৰতিদিনে ১৫ মিনিট খোজ কাঢ়িবলৈ যোৱাৰ সমান। সেয়েহে অতিৰিক্ত চৰ্বি আৰু শৰ্কৰা দহন কৰা সম্ভৱৰ লগতে ওজন হ্ৰাস কৰে।

যেতিয়াই চাইকেল চলাই থাকে, দৌৰে, তেতিয়া সকলো সময়তে হাইড্ৰেটেড কৰি ৰখাৰ বাবে ঠাণ্ডা পানী এক ভাল বিকল্প।
ব্যায়ামৰ আগতে বা পিছত যিকোনো ধৰণৰ বিষ প্ৰতিহত কৰিব পাৰে ঠাণ্ডা পানী আৰু বৰফৰ টুকুৰা মিলাই । যিসকলে নিৰন্তৰ মুৰৰ বিষৰ সন্মুখীন হয় তেওঁলোকে কিছুমান বৰফৰ টুকুৰাও নিজৰ সৈতে ৰাখিব পাৰে কিয়নো ই বিষটো জঠৰ কৰি তোলে।

ডিহাইড্ৰেচন নিয়ন্ত্ৰণ কৰাত  পানীয়ে শৰীৰত বহুতো ভূমিকা পালন কৰে। “আমি প্ৰতি দিনে শাৰীৰিক কাৰ্যৰ জৰিয়তে শৰীৰ পৰা পানী হেৰুৱাওঁ, কিন্তু যেতিয়া আমি গ্ৰহণ কৰি থকাতকৈ অধিক শাৰীৰিক তৰল হেৰুৱাওঁ তেতিয়া ডিহাইড্ৰেচন হয়,”

  “যিহেতু মানুহ বেছিভাগ পানী আৰু ইলেক্ট্ৰলাইটৰ দ্বাৰা গঠিত, আমি আমাৰ প্ৰণালীত এইবোৰৰ সঠিক ভাৰসাম্য বজাই ৰাখিব লাগিব।” এই মন্তব্য বিশেষজ্ঞ সকলৰ

– সুনীল পেগু

Comments are closed, but trackbacks and pingbacks are open.