ভাৰতীয় সেনাৰ এখন ট্ৰাক খাৱৈত পৰি নিহত হয় তিনিজন সেনা বিষয়াসহ ১৬জন জোৱান। শুকুৰবাৰে ছিকিমৰ পাহাৰীয়া অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।
ৰাতিপুৱা চাটেনৰ পৰা থাংগুলৈ গৈ আছিল সেনাৰ কনভয়। দুৰ্ঘটনাটোত জড়িত ট্ৰাকখন আছিল বহৰখনৰ তিনিখন বাহনৰ ভিতৰত এখন।
ইয়াৰ উপৰিও দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। এই সময়ত চাৰিজন আহত জোৱানক বিমানেৰে উলিয়াই অনা হয়।
ইফালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে লিখিছে, ‘উত্তৰ ছিকিমত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতীয় জোৱানৰ প্ৰাণ হেৰুৱাই পেলোৱাটো গভীৰ যন্ত্ৰণাদায়ক। তেওঁলোকৰ সেৱা আৰু দায়বদ্ধতাৰ বাবে জাতিটো গভীৰভাৱে কৃতজ্ঞ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা। ‘ .