জেকলিনে ৰনবীৰ-বৰুণক চৰ মাৰিলে, কি হ’ল?

ভাৰতীয় কোটিপতি সুকেশ চন্দ্ৰশেখৰৰ সৈতে ঘনিষ্ঠতাৰ বাবেই জেকলিন ফাৰ্নাণ্ডেজ বাৰে বাৰে আদালত আৰু চোৰাংচোৱা সংস্থাৰ কাৰ্যালয়লৈ যাব লগা হৈছে। এই বিতৰ্কই লগ এৰি যোৱা নাই বলীউডৰ অভিনেত্ৰীগৰাকীক।

অৱশ্যে ইমান বিতৰ্কৰ মাজতে জেকলিনে নিজৰ পেছাত মনোনিৱেশ কৰিছে। শুকুৰবাৰে মুক্তি পালে জেকলিনৰ নতুন ছবি ‘ছকাৰ’। এই ছবিখনত তেওঁ ৰণবীৰ সিঙৰ নায়িকা।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত জেকলিনে ছবিখনৰ শ্বুটিঙৰ অভিজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে ছবিখনৰ শ্বুটিংৰ প্ৰথম দিনাই তেওঁ নাভাৰছ আছিল। শ্বুটিং চেটত এক বৃহৎ কেলেংকাৰী সংঘটিত হয়।

পৰিচালক ৰোহিত শ্বেট্টীৰ ছবিৰ চেটত জেকলিনে অভিনেতা ৰণবীৰ আৰু অভিনেতা বৰুণ শৰ্মাক চৰ মাৰিলে। ঠিক কিয় ?

শ্ৰীলংকাৰ এই সুন্দৰীগৰাকীয়ে কয় যে শ্বুটিঙৰ প্ৰথম দিনাই মই বৰ নাৰ্ভাছ হৈ পৰিছিলো। আচলতে শ্বুটিং চলি থকাৰ সময়তে মই ৰণবীৰ আৰু বৰুণক চৰ মাৰিলোঁ। মই ইমানেই নাৰ্ভাছ হৈ পৰিছিলো যে আচলতে মই চৰ দিয়াৰ অভিনয় কৰাৰ পৰিৱৰ্তে চৰ মাৰিলোঁ। ইয়াৰ পিছতহে মোৰ চেতনা ঘূৰি আহে।

AssambollywoodDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment