টুইটাৰৰ পৰা আত্মহত্যা আৰু আত্মহত্যা বিৰোধী বিশেষ হটলাইন সেৱা আঁতৰোৱাৰ নিৰ্দেশ

এলেন মাস্কে টুইটাৰৰ বহু বৈশিষ্ট্য বাতিল কৰিবলৈ নিৰ্দেশ দিছে।

মাইক্ৰ’ব্লগিং চাইট টুইটাৰৰ চিইঅ’ এলেন মাস্কে বিশ্বৰ কমেও ৩০খন দেশৰ টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে টুইটাৰৰ পৰা আত্মহত্যা আৰু আত্মহত্যা বিৰোধী বিশেষ হটলাইন সেৱা আঁতৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।

টুইটাৰে পাঁচ বছৰ পূৰ্বে ThereIsHelp (#ThereIsHelp) হেচটেগ নামেৰে জনাজাত এক হটলাইন সেৱা আৰম্ভ কৰিছিল। যেতিয়া এই সেৱা আৰম্ভ কৰা হৈছিল, তেতিয়া ব্যৱহাৰকাৰীসকলে মানসিক স্বাস্থ্য, এইচ আই ভি, টিকাকৰণ, শিশু নিৰ্যাতন, Covid-19, লিংগভিত্তিক হিংসা, প্ৰাকৃতিক দুৰ্যোগ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সন্ধান কৰিছিল, তেতিয়া এই বিষয়সমূহৰ ওপৰত কাম কৰা সংগঠন আৰু সংগঠনৰ নাম দেখুওৱা হৈছিল । বিশেষজ্ঞসকলৰ মতে এই সেৱা বন্ধ হোৱাৰ বাবে মানসিক বিকাৰগ্ৰস্ত আৰু হতাশগ্ৰস্ত ব্যৱহাৰকাৰীসকলে সামগ্ৰিক জীৱনত সমস্যাৰ সন্মুখীন হ’ব লাগিব।সেয়েহে টুইটাৰে এই বৈশিষ্ট্য বন্ধ কৰাৰ সিদ্ধান্তক লৈ বিচলিত হৈছে।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment