১২ খন দেশ কৰ’নাই কঁপাইছে, কেনেকৈ…

আতংকৰ দিন আকৌ ঘূৰি আহিছে ?

বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ পৰিসংখ্যা অনুসৰি যোৱা ৭ দিনত আমেৰিকাত ৫ লাখৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ফ্ৰান্সত ই ৩ লাখ ২৭ হাজাৰতকৈ অধিক, জাৰ্মানীত ২ লাখ ১৫ হাজাৰতকৈ অধিক, ব্ৰাজিলত ২ লাখ ৯৩ হাজাৰতকৈ অধিক, দক্ষিণ কোৰিয়াত ৪ লাখ ৭১ হাজাৰতকৈ অধিক। জাপানত এই সংখ্যা ৯ লাখ ৪৩ হাজাৰৰো অধিক।

ব্ৰিটেইন, ৰাছিয়া, আৰ্জেণ্টিনাৰ দৈনিক সংক্ৰমণৰ সংখ্যা এতিয়াও ১ লাখ হোৱা নাই যদিও গ্ৰাফটো ওপৰলৈ গৈছে যদিও সেই আশংকা নুই কৰিব নোৱাৰি। ইফালে চীনৰ পৰা নতুনকৈ সংক্ৰমণ বিয়পি আছে যদিও “WHO”ৰ বাতৰি অনুসৰি এসপ্তাহত ডেৰ লাখ লোক আক্ৰান্ত হৈছে। চীনত কোটি কোটি লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। এই সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।

ভাৰতৰ তুলনাত এই সংক্ৰমণ নগণ্য। যোৱা ৭ দিনত ১ হাজাৰ ৬৯ জন লোক আক্ৰান্ত হৈছে। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয় যদিও ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাঞ্ছনীয়। সামাজিক দূৰত্বও মানি চলিবলৈও কোৱা হৈছে।

AssambollywoodDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment