Daily Time Axom

কাশ্মীৰত বহু অত্যাধুনিক আগ্নেয়াস্ত্ৰ উদ্ধাৰ

0 26

কাশ্মীৰত বৰদিনৰ আগতে এক ডাঙৰ চক্ৰান্তক বিফল কৰিছে সেনাই। উৰি ছেক্টৰৰ পৰা কাশ্মীৰ আৰক্ষী আৰু সেনাই উদ্ধাৰ কৰিছে বিশাল অস্ত্ৰ-শস্ত্ৰ। তেওঁলোকে দাবী কৰিছে যে যোৱা ডেৰ বছৰত ভিতৰত ইমানবোৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ হোৱা ঘটনা সংঘটিত হোৱা নাই। বছৰৰ শেষত পাকিস্তানে পৰ্যটকেৰে ভৰা কাশ্মীৰত কূটাঘাটৰ পৰিকল্পনা কৰিছিল।

কাশ্মীৰৰ উৰি ছেক্টৰত শনিবাৰে পুৱা কিছুমান বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰি যুটীয়া বাহিনীয়ে তালাচী চলায়। হাথলাংগা গাঁৱৰ পৰা উদ্ধাৰ হৈছে ৮টা এ কে ৰাইফল, ১২টা পিষ্টল আৰু বহু কাৰ্টিজ। ১৪টা গ্ৰেনেড আৰু পাকিস্তানী পতাকা খোদিত কৰা ৮১টা বেলুনও উদ্ধাৰ কৰা হৈছে। কাশ্মীৰ আৰক্ষী আৰু সেনাৰ সূত্ৰ অনুসৰি উদ্ধাৰ হৈছে ৮টা এ কে-৭৪ ৰাইফল।

Leave A Reply

Your email address will not be published.