আজি ঘোষণা হ’ব অসম সাহিত্যসভাৰ নিৰ্বাচনী ফলাফল

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ আজি নলবাৰীত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব।

নলবাৰী জিলা পুথিভঁৰালত অসমৰ ৭৮৪ টা শাখাই প্ৰদান কৰা ভোট গণনা কৰা হ’ব। দিনৰ ১২ বজাৰ পৰা ভোটগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। অৱসৰী প্ৰশাসনিক বিষয়া হৰেন্দ্ৰ নাথ বৰা, মুখ্য নিৰ্বাচনী বিষয়াৰ উপস্থিতিত এই ভোটগণনা সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

অসম সাহিত্য সভাৰ সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৬ গৰাকী প্ৰাৰ্থী ক্ৰমে য়েছে দৰজে ঠংচি, সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন , প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰি আৰু ৰোমান শৰ্মাই। আনহাতে, উপ সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৬ গৰাকী প্ৰাৰ্থী ক্ৰমে গনেশ চন্দ্ৰ নাথ, গোবিন্দ তালুকদাৰ, পবিত্ৰ বৰবৰা, বসন্ত কুমাৰ শৰ্মা, গিৰিশ সন্দিকৈ আৰু ধীৰেন শৰ্মা। ইয়াৰোপৰি, প্ৰধান সম্পাদকৰ ৫ গৰাকী প্ৰাৰ্থী যাদৱ চন্দ্ৰ শৰ্মা, উপেন্দ্ৰজিৎ শৰ্মা, ৰমানন্দ বৰা,অনুপ কুমাৰ বৰঠাকুৰ আৰু দেৱজিৎ বৰা।

AssamAssam Sahitya SabhaDaily time axomGuwahatiIndiaNalbari