নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ মধ্যপ্ৰদেশৰ বেতুল জিলাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৪ জন লোকৰ কৰুণ মৃত্যু । ট্ৰাক আৰু গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও ইয়াৰ চালকসহ বাকী লোক পলায়ন কৰে। দুৰ্ঘটনাটোত নিহত তিনিজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা মুলতাইৰ সমীপৰ বেতুল-নাগপুৰ চাৰিলেনযুক্ত পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ভুল দিশৰ পৰা অহা এখন ট্ৰাকে চাৰিচকীয়া বাহনখনত প্ৰচণ্ড জোৰত খুন্দিয়াই।
চাৰিচকীয়া বাহনখনত দুগৰাকী মহিলা আৰু দুজন পুৰুষ আছিল। ইয়াৰে মহিলা দুগৰাকী আৰু এজন পুৰুষৰ ঘটনাস্থলতে মৃত্যু হয়।
Comments are closed, but trackbacks and pingbacks are open.