অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হ’ল সূৰ্য হাজৰিকা

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ আজি ঘোষিত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ ফলাফল অনুসৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ সূৰ্য হাজৰিকা সভাপতি হিচাবে নিৰ্বাচিত হৈছে৷

সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছিল বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন , প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰি আৰু ৰোমান শৰ্মাই।

আজি নলবাৰীত অনুষ্ঠিত সভাৰ সপ্তম কাৰ্যনিৰ্বাহক সভাত ভোট বাকচ খোলাৰ লগতে ভোটগণনা কৰা হয়৷ ভোটগণনাৰ অন্তত নিৰ্বাচনী সমিতিয়ে ফলাফল ঘোষণা কৰে৷

আনহাতে উপ-সভাপতি পদত জয়লাভ কৰিছে গিৰীশ সন্দিকৈৰ আৰু সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই।

AssamAssam Sahitya SabhaDaily time axomIndiaNalbariSurya Hazarika