দক্ষিণ আফ্ৰিকাত টেংকাৰ বিস্ফোৰণত ১০ জন লোকৰ মৃত্যু

দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ চহৰ জোহান্সবাৰ্গৰ পূব দিশৰ বক্সবাৰ্গত টেংকাৰ বিস্ফোৰণত দহজন লোক নিহত হোৱাৰ লগতে ৪০ জন আহত হয়।

খবৰ অনুসৰি শনিবাৰে পুৱা এখন দলঙৰ তলেৰে পাৰ হৈ যোৱাৰ সময়তে লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) কঢ়িয়াই অনা টেংকাৰখনত অগ্নিকাণ্ড সংঘটিত হয়।

দ্ৰুতগতিত অগ্নিনিৰ্বাপক বাহিনীক সেই স্থানলৈ প্ৰেৰণ কৰা হয়।

কিন্তু, দুৰ্ভাগ্যজনকভাৱে টেংকাৰখনত বিস্ফোৰণ ঘটে।

আহতসকলৰ ভিতৰত চালকজনো আছে। তেওঁক হাস্পতাললৈ পঠিওৱা হ’ল।

মৃত্যুৰ সংখ্যা ১০ জনলৈ বৃদ্ধি।পূৰ্বে ৯ জন লোকে প্ৰাণ হেৰুৱায়।

৬ জন অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহত হৈছে।

দেশখনৰ উত্তৰ-পূব প্ৰান্তৰ পৰা অহা টেংকাৰখনত আছিল ৬০ হাজাৰ লিটাৰ এল পি জি গেছ।

এই গেছ মূলতঃ ৰন্ধন আৰু গেছ ষ্ট’ভত ব্যৱহাৰ কৰা হয়।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment