Daily Time Axom

প্ৰতিদিনে কিমান নিমখ খাব লাগে

0 48

টেবুল ছল্ট হ’ল ছডিয়াম ক্লৰাইড। শৰীৰৰ বাবে ছডিয়াম এক অপৰিহাৰ্য উপাদান। শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ, আৰু স্নায়ু আৰু পেশীৰ স্বাভাৱিক কাৰ্য্যকলাপৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ছডিয়ামৰ প্ৰয়োজন। কিন্তু অতিৰিক্ত ছডিয়াম শৰীৰৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত ছডিয়াম সেৱন কৰিলে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হৃদৰোগ, বৃক্কৰ ৰোগ, পেটৰ কৰ্কট ৰোগ আৰু অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰতিদিনে কিমান নিমখ খাব লাগে তাৰ হিচাপ জানি ল’ব লাগে।

ছডিয়ামৰ পৰিমাণ প্ৰতিদিনে ২৩০০ মিলিগ্ৰামত সীমাবদ্ধ থাকিব লাগে। এক চামুচ নিমখত ২,৩২৫ মিলিগ্ৰাম ছডিয়াম থাকে। অৰ্থাৎ প্ৰতিদিনে এক চামুচতকৈ কম নিমখ খাব পাৰে। দৈনিক ছডিয়ামৰ প্ৰয়োজনীয়তা ৰন্ধা খাদ্যত স্বাভাৱিক পৰিমাণৰ নিমখৰ দ্বাৰা পূৰণ কৰা হয়। ইয়াতকৈ অধিক নিমখ সেৱন কৰিলে স্বাস্থ্যজনিত বিপদ বৃদ্ধি পায়।

নিমখে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। আমি প্ৰায়ে নিমখৰ লগত ফলমূল, চালাড আদি খাওঁ। এনেধৰণৰ প্ৰথা পৰিহাৰ কৰক। তাৰ পৰিৱৰ্তে বিভিন্ন মছলা, নেমু বা আন টেঙা ফলৰ ৰস, সতেজ বা শুকান বনৌষধি (যেনে চিলেণ্ট্ৰ’) ব্যৱহাৰ কৰি খাদ্যৰ সোৱাদ ল’ব পাৰে।

Leave A Reply

Your email address will not be published.