আজি বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহীয়া ভৱনত এই বিদ্যালয়ৰ ১৯৭৬চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীৰ এক অভিনৱ অনুষ্ঠান “স্মৃতি ৰোমন্থন সন্মিলন” এক গাম্ভীৰ্যপুৰ্ণ পৰিৱেশত সফলভাৱে সম্পন্ন হয়। সন্মিলনখনত অংশগ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ শিক্ষকসকলো উপস্থিত থাকে।সভাত পৃথিৱীৰ পৰা চিৰবিদায় লোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।
সন্মিলনত উপস্থিত থকা প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
সন্মিলনত ৬০বছৰ গৰকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ অভিনৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উল্লাসিত আৰু উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।
এই সন্মিলনত ১৯৭৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ শিক্ষকসকলৰ মাজত ভাৱৰ আদান প্ৰদান, বিশেষ কাৰ্যসূচী ৰূপায়নৰ মাধ্যমেদি অকল মৈৰাবাৰীৰ দলৈগাঁও অঞ্চলেই নহয় মৰিগাঁও জিলাখনৰ শিক্ষিত জেষ্ঠ নাগৰিক সমাজৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিছে।
প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা “স্মৃতি ৰোমন্থন সন্মিলন “ৰ উদ্যোক্তাসকলক মৈৰাবাৰী প্ৰেছ ক্লাব,মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চকে ধৰি বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰশংসা কৰিছে।