দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ২জন

নিউজ ডেস্ক, ২৫ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আনহাতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। জানিব পৰা মতে, ছয়গাঁৱৰ দিশৰ পৰা ৰাণী অভিমুখে আহি থকা এ এছ ০১ ই ইউ ৩০২৩ নম্বৰৰ এল্টোখনত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰ এখনে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে পলায়ন কৰে। আঘাটপ্ৰাপ্ত লোক দুজনক সংকটজনক অৱস্থাত বিজয়নগৰ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাত পতিত হোৱা লোক কেইজন ৰাণীৰ বুলি জানিব পৰা গৈছে।

AccidentAssamDaily time axomDeathGuwahatiIndiaInjured