Daily Time Axom

আমেৰিকাত ভয়ংকৰ তুষাৰপাত, এই পৰ্যন্ত ২২ জনৰ মৃত্যু

34

নিউজ ডেস্ক, ২৫ ডিচেম্বৰঃ বৰদিনৰ উলাহৰ মাজতে ভয়ানক তুষাৰপাত আৰু ধুমুহাৰ ফলত সমগ্ৰ আমেৰিকা বিধ্বস্ত হৈ পৰিছে। এই প্ৰাকৃতিক দুৰ্যোগত এই পৰ্যন্ত ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ১৫ লাখ পৰিয়ালত বিদ্যুৎ সংযোগ নোহোৱা হৈ পৰিছে। কিছু ঠাইত তাপমাত্ৰা -৪৫ ডিগ্ৰী চেলচিয়াছৰ তললৈ হ্ৰাস পাইছে। লগতে কিছু কিছু ঠাইত ইমানেই বেছি বৰফ পৰিছে যে ৰাস্তা আৰু ঘৰবোৰ ১০ ফুট বৰফৰ আৱৰণত পোত গৈছে।

তুশাৰ ধুমুহাৰ বাবেই শনিবাৰে ৫,৯৩৪ খন বিমান বাতিল কৰা হৈছিল। আজিও ২,৭০০ খন বিমান বাতিল কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ পৰা কানাডাৰ কুইবেকলৈকে ৩,২০০ কিলোমিটাৰ এলেকাত তুষাৰপাতৰ ফলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে।বতৰ বিজ্ঞানীসকলে ঘূৰ্ণীবতাহটোৰ নাম ‘বম্ব ঘূৰ্ণীবতাহ’ ৰাখিছে, কাৰণ ই বোমা বিস্ফোৰণৰ দৰেই মাৰাত্মক।

দেশখনৰ পশ্চিম মন্টানা ৰাজ্যত শুকুৰবাৰে সৰ্বনিম্ন তাপমাত্ৰা -৪৫ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে। ঘূৰ্ণীবতাহৰ ধুমুহাৰ বাবে আমেৰিকাৰ মধ্য ৰাজ্যসমূহৰ উষ্ণতা হ্ৰাস পোৱাৰ তথ্যও পোৱা গৈছে। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, আইঅ’ৱাৰ ডেচ মইনেছৰ উষ্ণতা −৩৭ °F (−৩৮ °C) আছিল।

Comments are closed, but trackbacks and pingbacks are open.