Daily Time Axom

আজি প্ৰদান কৰা হৈছে গুণোৎসৱ-২০২২ বঁটা, A+ গ্রেড প্রাপ্ত বিদ্যালয়ক প্রদান উদগনিমূলক অনুদান

41

নিউজ ডেস্ক, ২৫ ডিচেম্বৰঃ আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় ‘গুণোৎসৱ ২০২২’ ত ‘A+’ গ্ৰেড প্ৰাপ্ত ৪,৮৪১ খন বিদ্যালয়লৈ অভিনন্দন তথা উদগনিমূলক অনুদানৰ আনুষ্ঠানিক বিতৰণ কাৰ্য্যসূচী।

‘A+’ গ্ৰেড প্ৰাপ্ত প্ৰতিখন বিদ্যালয়ে নগদ ধন ২৫ হাজাৰকৈ লাভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে। লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু অনুষ্ঠানৰ সম্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ পৰাই ৪,৮৪১ খন বিদ্যালয়লৈ মুঠ ১২,১০,২৫,০০০ টকা প্ৰেৰণ কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী যোগেন মহান, মন্ত্ৰী সঞ্জয় কিষান, মন্ত্ৰী নন্দিতা গাৰ্লোছা আদি।

Comments are closed, but trackbacks and pingbacks are open.