Daily Time Axom

ঢেকীয়াজুলিত যুৱতীক এচিড আক্ৰমণ, মুখমণ্ডল, হাত, ডিঙি জ্বলি গুৰুতৰভাৱে আহত যুৱতীগৰাকী

45

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা৷ দিব্যা নামৰ এগৰাকী ৩৫ বছৰীয়া যুৱতীক স্থানীয় বাৎসু কৰ নামৰ এজন লোকে এচিডেৰে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী।

লগে লগে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান ICUত চিকিৎসাধীন যুৱতীগৰাকী। এচিড আক্ৰমণৰ ফলত যুৱতীগৰাকীৰ মুখমণ্ডল, ডিঙি, বাওঁহাত জ্বলি যোৱা বুলি জানিব পৰা গৈছে৷ এই ঘটনাৰ পিছতে অভিযুক্ত এচিড আক্ৰমণকাৰীয়ে ঢেকীয়াজুলি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷

Comments are closed, but trackbacks and pingbacks are open.