Daily Time Axom

টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত নাহৰফুটুকীৰ সন্ত্ৰাস

42

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত নাহৰফুটুকীৰ সন্ত্ৰাস ।নাহৰফুটুকীটোৰ আক্ৰমণত আহত দুই বনকৰ্মী আৰু প্ৰতিষ্ঠানটোৰ এগৰাকী আৱাসিক মহিলা। নাহৰফুটুকীৰ আক্ৰমণত আহত দুই বনকৰ্মী ক্ৰমে জিতুমনি বৰা আৰু প্ৰবোধ শইকীয়া। ইপিনে নাহৰফুটুকীটো বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ পৰা ওলাই চটাই ঘৰফলীয়াত আক্ৰমণ কৰে কেইজনো লোকক। আঘাতপ্ৰাপ্ত সকল ৰেখা গগৈ, বলেন গগৈ , সত্যন গগৈ, মিনেশ্বৰ লাহন , অনন্ত লাহন , বিনোজ লাহন ।আঘাট প্ৰাপ্ত সকলক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্য বনকৰ্মী উক্ত স্থানত উপস্থিত হৈ ৰাইজক সতৰ্ক কৰাৰ লগতে পিঞ্জৰা পতাৰ ব্যৱস্থা কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.