উচ্ছেদ অভিযানত বাধা দিবলৈ গৈ আটক হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক। উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়কজন। বটদ্ৰৱাৰ পিছত আজি বৰপেটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪০০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। বাঘবৰৰ সত্ৰকনৰাত চৰকাৰী ভূমিত চলিছে এই উচ্ছেদ অভিযান।

এই উচ্ছেদৰ সময়তে ধৰ্ণাত বহে কংগ্ৰেছৰ নিলম্বিত বিধায়কজন। উচ্চেদ বন্ধ কৰাৰ দাবীত ধৰ্ণাত বহিছিল শ্বেৰমান আলী। পিছত আৰক্ষীয়ে উচ্ছেদস্থলীৰ পৰাই আটক কৰে শ্বেৰমান আলীক।

ArrestAssamBarpetaDaily time axomEvictionIndiaSherman Ali