Daily Time Axom

কৰুণ ঘটনা! তিনিচুকীয়াত অগ্নিদগ্ধ হৈ মাতৃ আৰু কণমানি পুত্ৰৰ কৰুণ মৃত্যু

30

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ তিনিচুকীয়াৰ পানীতোলাত শোকাৱহ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত মাতৃসহ ডেৰ বছৰীয়া পুত্ৰৰ কৰুণ মৃত্যু। জুইত ভস্মীভূত হ’ল মাতৃ-শিশু। শুই থকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত মাতৃ পুনম গোৱালা আৰু কণমানি ৰমেশ গোৱালাৰ মৃত্যু হয়।

পানীতোলা জলপনীয়া পথত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিশা শুই থকা অৱস্থাতে ঘৰত সংঘটিত হৈছিল অগ্নিকাণ্ড। মুহূৰ্তৰ ভিতৰতে ঘৰটো জুয়ে আৱৰি ধৰাত ঘৰৰ ভিতৰতে শুই থকা অৱস্থাত মৃত্যু হয় মাতৃৰ লগতে দুবছৰীয়া সন্তানৰ। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.