নাজিৰাত ভয়ংকৰ ঘটনা: ডেকা সত্ৰাধিকাৰৰ কুঠাৰাঘাতত প্ৰাণ গ’ল ভকতৰ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ নাজিৰাত লোমহৰ্ষক হত্যাকাণ্ড। ভকতে প্ৰাণ ললে সতীৰ্থ ভকতক l নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱৰ দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল সতীৰ্থ ভকত জয়নাথ বৰাৰ। অভিযুক্ত ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তক আটক কৰিছে নাজিৰা আৰক্ষীয়ে । হত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। উপৰ্যুপৰি কুঠাৰাঘাতত প্ৰাণ গ’ল ৭০ৰ উৰ্ধৰ বৃদ্ধজনৰ। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় জয়নাথ বৰাৰ ।

AssamDaily time axomIndiaNaziraSivasagar