নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ মৌ জিলাত নিশা শোকাৱহ ঘটনা। অগ্নিদগ্ধ হৈ ৩ কণমানি, এগৰাকী মহিলা আৰু এজন বৃদ্ধৰ কৰুণ মৃত্যু।
জানিব পৰা মতে, এটা ষ্ট’ভৰ পৰা সূত্ৰপাত হৈছিল এই অগ্নিকাণ্ড। এই শোকাৱহ ঘটনাৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চিকিসা কৰ্মীৰ লগতে উদ্ধাৰ অভিযানকাৰী দল ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে এই ঘটনাত প্ৰাণ হেৰুৱওৱা প্ৰতিগৰাকী লোকৰ বিপৰীতে আত্মীয়ক ৪ লাখকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে জিলা দণ্ডাধীশে।