Daily Time Axom

জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী,সংঘৰ্ষত নিহত ৩টাকৈ সন্ত্ৰাসবাদী

31

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। জম্মুৰ পাঞ্জতীৰ্থী-সিধৰা পথত আজি পুৱা প্ৰায় ৭.৩০ বজাত এই ঘটনা সংঘটিত হয়।ভয়ংকৰ সংঘৰ্ষৰ ফলত ৩টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। এখন ট্ৰাকৰ গতিবিধিত সন্দেহ হোৱাত সেনাই চলাইছিল তালাচী। ট্ৰাকখনত মাৰাণস্ত্ৰসহ লুকাই আছিল কেইবাটাও সন্ত্ৰাসবাদী।

ইয়াৰ লগে লগে নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ বাহিনীৰ লগত গুলীয়াগুলী আৰম্ভ হয়। ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত মোতায়েন কৰা হৈছে অতিৰিক্ত সেনা।

Comments are closed, but trackbacks and pingbacks are open.