আজিৰে পৰা মহানগৰীৰৰ চানমাৰিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ আজিৰে পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত বাৰ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম গ্ৰন্থমেলা ২০২২-২৩।অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত এই গ্ৰন্থমেলা। ২৯ ডিচেম্বৰ ২০২২ ৰ পৰা ০৯ জানুৱাৰী ২০২৩ লৈকে অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাৰ উদ্বোধন কৰিব ইণ্ডোনেচিয়াৰ প্ৰখ্যাত পৰিৱেশ্য কাব্য-শিল্পী তাৰা নোইচান্তাৰায়ে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক তথা সমালোচক ড° গোৱিন্দ প্ৰসাদ শৰ্মা।

গ্ৰন্থমেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব ২০২২ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটাসমূহ।

AssamBook FairDaily time axomGuwahatiIndia