নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ ৩১ ডিচেম্বৰ উদযাপনক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ সংবাদমেল। যান-বাহনক লৈ ১০টা নিময় বান্ধি দিলে আৰক্ষীয়ে।
১/ অনুজ্ঞাপত্ৰবিহীনভাৱে যান-বাহন চলাব নোৱাৰিব ৰাজপথত।
২/ সুৰাপান কৰি যান বাহন চলোৱাত নিষেধাজ্ঞা। বনভোজস্থলীৰ পৰাও সুৰা পান কৰি বাহন চলাই আহিব নোৱাৰিব ।
৩/যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোনৰ ব্যৱহাৰত নিষোধাজ্ঞা আৰোপ। চালকে মোবাইল ব্যৱহাৰ তথা মোবাইলত কথা পতা কাম কৰিব নোৱাৰিব।
৪/সুৰক্ষাজনিত কাৰণৰ বাবে বাৰ, ৰেষ্টুৰেণ্ট , ক্লাব, শ্বপিং মলৰ পাৰ্কিং স্থলীত চিচিটিভি কেমেৰা লগোৱাটো বাধ্যতামূলক।
৫/নিশাৰ ভাগত চলাচল কৰা বাহনত থাকিব লাগিব পৰ্যাপ্ত লাইট। লগতে বাৰ, ৰেষ্টুৰেণ্ট , ক্লাব আদিতো পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা কৰিব লাগিব।
৬/বনভোজথলীত সুৰা ক্ৰয়-বিক্ৰয় কৰাত নিষেধাজ্ঞাৰ লগতে সুৰাপান কৰাতো বাধা।
৭/এটা পৰিয়ালৰ লোকে ২ খন ৩ খন বাহনৰ ব্যৱহাৰৰ বিপৰীতে ১ খন বাহন ব্যৱহাৰ কৰিব পাৰিব।
৮/ নিৰ্দিষ্ট পথতহে বাহন চলাব পাৰিব। পথ সলনি কৰিলে বা বিপৰীতে পথ ব্যৱহাৰ কৰিলে জৰিমনাৰ সন্মুখীন হ’ব।
৯/কোনো আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিলে লগে লগে অভিযোগ দিয়ক নির্দিষ্ট থানাত অথবা যানবাহন আৰক্ষীৰ DCP ক।
১০/শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান যান-বাহন আৰক্ষীৰ।