অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টিৰ সভাত অঘটন। পদপিষ্ট হৈ মৃত্যু ৮ জনকৈ লোকৰ। মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও। নেল্লৰৰ কুন্দুকুৰত অনুষ্ঠিত হৈছিল এন চন্দ্ৰবাবু নাইডুৰ সভা। সভাত সমৱেত হৈছিল কেইবা সহস্ৰাধিক জনতা। সভাৰ লগত সংগতি ৰাখি উলিওৱা হৈছিল বিশেষ ৰোড শ্ব’। ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে।

আনহাতে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা TDPৰ। ঘটনাত আহতসকলৰ বাবেও উন্নত চিকিৎসাৰ ব্যৱস্থা। নিহতসকলৰ সন্তানৰ শিক্ষাৰ দায়িত্ব ল’ব NTR ট্ৰাষ্টে।

Andhra PradeshChandrababu NaiduDaily time axomIndiapoliticsRoadshowStampede