নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ মহানগৰীত মটৰচালিত ৰিক্সা বন্ধ কৰাৰ নিৰ্দেশ GMCৰ। গুৱাহাটী পৌৰ নিগমে বাধা আৰোপ কৰিছে মটৰ সংযুক্ত ৰিক্সা চলাচলত। পৌৰ নিগমে মটৰ চালিত ৰিক্সাৰ চালক, মালিকক মটৰ সংযোগ বিচ্চিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা দিছে। এসপ্তাহৰ ভিতৰত এনে নকৰিলে নিগমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।
উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে এই সংক্ৰান্তত এক জাননী প্ৰকাশ কৰিছিল। এই জাননীত চালক তথা ৰিক্সাৰ গৰাকীক এসপ্তাহৰ ভিতৰত মহানগৰীৰ সকলো মটৰ সংযোগী ৰিক্সা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ উল্লেখ কৰা হৈছে৷
Comments are closed, but trackbacks and pingbacks are open.