নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ যোৰহাটত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোৰ মৃত্যু। যোৱা সোমবাৰে যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আৱাসিক এলেকাত ত্ৰাসৰ সৃষ্টি কৰা বাঘটো ট্ৰেংকুলাইজ কৰা হৈছিল। নাহৰফুটুকীটোৱে ১৩জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল।
শেষত ট্ৰেংকুলাইজ কৰা বাঘটো কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বাঘটোৰ।