Daily Time Axom

ৰাজ্যৰ মানচিত্ৰৰ পৰা বিলুপ্ত হ’ল ৪খন জিলা, বিলুপ্ত হ’ল বজালী, বিশ্বনাথ, হোজাই আৰু তামুলপুৰ জিলা

40

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ বছৰৰ শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ ৪খন জিলাৰ সংখ্যা কৰ্তন কৰা হৈছে। সংবাদমেলযোগে এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বিলুপ্ত হ’ব বিশ্বনাথ, বজালী, হোজাই আৰু তামুলপুৰ জিলা। বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰত অন্তৰ্ভুক্ত। বজালী জিলাক বৰপেটাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে হোজাই জিলাক নগাঁও জিলাৰ সৈতে একত্ৰিত কৰা হৈছে। একেদৰে তামুলপুৰ জিলাক পুনৰ বাক্সাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত।

আনহাতে, উত্তৰ গুৱাহাটীৰ টাউন কমিটীৰ সালসলনি হ’ব। উত্তৰ গুৱাহাটী কামৰূপ মহানগৰত সন্নিবিষ্ট হ’ব। এইটো এটা সাময়িক সিদ্ধান্ত বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত ১৪ খন গাঁৱৰ মানচিত্ৰৰো সাধাৰণ সালসলনি কৰা হৈছে বুলি আজিৰ কেবিনেট বৈঠকত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

দেশ, জাতি, ৰাইজ আৰু চৰকাৰৰ স্বাৰ্থত কেতিয়াবা এইধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত সদৰী কৰে।

Comments are closed, but trackbacks and pingbacks are open.