নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ আজি নতুন দিল্লীত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক | দিল্লীৰ অসম হাউছত পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ এই কেবিনেট বৈঠক |
বৈঠকখনত মুখ্যমন্ত্রীৰ লগতে বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থাকিব | কেবিনেটৰ বাবে সকলো মন্ত্রীকে নতুন দিল্লীলৈ তলব কৰা হৈছে |
কিন্তু যিসকল মন্ত্ৰীয়ে তাত উপস্থিত থাকিব নোৱাৰিব তেওঁ লোকে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি সংযুক্ত হ’ব লাগিব|
কেবিনেটখনত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে | সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ বিশেষ সিদ্ধান্ত ল’ব কেবিনেটত।