গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা, দুৰ্ঘটনাত ৯জনৰ মৃত্যু

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন বাছ আৰু এখন ফৰ্চুনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ । বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল। জানিব পৰা মতে, চলন্ত বাছত চালকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাটোত ৯জনৰ মৃত্যু, কেইবাজনো লোক আহত হৈছে। নৱসাৰী জিলাৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভেচমা গাঁৱৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীৰ পৰা দুয়োখন গাড়ী কাটি উলিওৱা হয় মৃতদেহবোৰ। আহতসকলক উদ্ধাৰ কৰি সমীপৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

AccidentDaily time axomDeadbodyGujaratIndiaInjuredNavsari