নগাঁৱত তেলচোৰক আৰক্ষীৰ গুলীচালনা, পলায়নৰ চেষ্টা কৰোতে গুলীচালনা আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ নগাঁৱত নিশা আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ কুখ্যাত তেল চোৰ ইমদাদ আলী। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টাৰ সময়তে গুলীচালনা। নগাঁও আৰক্ষীয়ে বিভিন্ন জিলাৰ পৰা আটক কৰিছিল তেল চুৰি চক্ৰক। তেল চুৰিৰে জড়িত ১০জনক আটক কৰিছিল আৰক্ষীয়ে।

নগাঁও, বৰপেটা, মেঘালয়, গোলাঘাট, গুৱাহাটীৰ পৰা আটক চোৰকেইটাক। তেল চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আছিল ইমদাদ আলী। গোলাঘাটৰ মেৰাপানীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমদাদক। এখন বিলাসী বাহনৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
নিশা আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল চোৰটোৱে। তেতিয়াই গুলীচালনা কৰিছিল আৰক্ষীয়ে। ভৰিত গুলী লাগিছিল ইমদাদৰ।

গুলীবিদ্ধ ইমদাদক নিশাই জিএমচিএইচত ভৰ্তি কৰোৱা হয়।

AssamDaily time axomEncounterGMCHIndiaInjuredNagaonNagaon Police