Daily Time Axom

কামপুৰ বৈঠালাংছো পথত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ২জন

68

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ কামপুৰ বৈঠালাংছো পথত ভয়ংকৰ পথ দুৰ্ঘটনা। কচুৱাৰ বগৰিতলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। তীব্ৰ গতিৰে নগাঁৱৰ পৰা শিঙিমাৰীলৈ আহি থকা এখন টাটা মেজিক নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষত থকা পুখুৰীত সোমাই এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 021C8556। বাহনখনত এঘাৰজন যাত্ৰী আছিল । ইয়াৰে দুজন গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰন কৰিছে। ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে কচুৱা আৰক্ষী।

Comments are closed, but trackbacks and pingbacks are open.