নিউজ ডেস্ক, ২ জানুৱাৰীঃ পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ। ৪জন লোকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে ৭জনকৈ লোক৷ ৰাজৌৰীৰ আপাৰ দাংৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ তিনিটাকৈ বাসগৃহত সন্ত্ৰাসবাদীয়ে চলাইছিল এই আক্ৰমণ৷
নিহত তিনিজন ক্ৰমে সতীশ (৪৫), দীপক (২৩) আৰু প্ৰেতম (৫৬) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহতসকল ৰাজৌৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত (জিএমচি) চিকিৎসাধীন হৈ আছে।
নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) আৰু ভাৰতীয় সেনাৰ দ্বাৰা তালাচী অভিযান আৰম্ভ কৰে।
Comments are closed, but trackbacks and pingbacks are open.