অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্ট অঞ্চলৰ ছি ৱৰ্ল্ড থিম পাৰ্কৰ সমীপত দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ হয়।
কৰ্তৃপক্ষই জনোৱা মতে, এই দুৰ্ঘটনাত আৰু ৩ জন লোক গুৰুতৰভাৱে আহত হয়।
কুইন্সলেণ্ড আৰক্ষীয়ে সংবাদমেলত জনাই যে দুয়োখন হেলিকপ্টাৰে সংঘৰ্ষৰ পিছত মাটিত খুন্দা মাৰে। ফলত ৪ জন লোকে প্ৰাণ হেৰুৱালে।”
তথ্য লাভ কৰাৰ পিছতে জৰুৰীকালীন সেৱা ঘটনাস্থলীত উপস্থিত হয়।
অষ্ট্ৰেলিয়াৰ পৰিবহণ সুৰক্ষা ব্যুৰোৱে কয় যে এই দুৰ্ঘটনাৰ কাৰণ কি সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।