Daily Time Axom

নিউয়ৰ্কত মানুহৰ মৃতদেহ জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰাৰ অনুমতি

0 45

আমেৰিকাৰ নিউয়ৰ্ক ৰাজ্যৰ প্ৰশাসনে মানুহৰ মৃতদেহক জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰাৰ অনুমতি প্ৰদান কৰিছে।

তাত কাৰোবাৰ মৃত্যুৰ পিছত মৃতকৰ ওচৰৰ আত্মীয়ই ইচ্ছা কৰিলে প্ৰিয়জনৰ শৰীৰ পচন সাৰ কৰি দিব পাৰে। ইয়াক সমাধি বা দাহ কৰাৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল বিকল্প হিচাপে গণ্য কৰা হয়।


এটা নিৰ্দিষ্ট পদ্ধতিত শৰীৰটো এটা পাত্ৰত ৰাখি ঢাকনিখন বন্ধ কৰি ৰাখি কেইসপ্তাহমানৰ পিছত মৃতদেহটো পচি জৈৱিক সাৰলৈ পৰিণত কৰা হ’ব।


২০১৯ চনত ৱাশ্বিংটনে প্ৰথমে আমেৰিকাত এনে জৈৱিক সাৰ নিৰ্মাণৰ অনুমতি দিছিল।

ইয়াৰ পিছত ক্ৰমান্বয়ে ক’লৰাডো, অৰেগন, ভাৰম’ণ্ট আৰু কেলিফৰ্ণিয়াত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।

এইবাৰ নিউয়ৰ্কত মুকলি কৰা হয়।

খবৰ পোৱা গৈছে যে কাঠৰ টুকুৰা, আলফালফা আৰু ঘাঁহৰ দৰে নিৰ্বাচিত সামগ্ৰী মৃতদেহৰ সৈতে পাত্ৰটোত ৰখা হয়, যিটো মৃতদেহ অণুজীৱৰ প্ৰভাৱত লাহে লাহে পচি যায়। এই প্ৰক্ৰিয়াত প্ৰায় এমাহৰ ভিতৰত মৃতদেহটো জৈৱিক সাৰলৈ পৰিণত হয়। তাৰ পিছত পচন সাৰখিনি গৰম কৰি ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰক হত্যা কৰা হয়। পাছত পচন সাৰখিনি মৃতকৰ আপোনজনৰ হাতত গতাই দিয়া হয়।

যাৰ সহায়ত ফুল, শাক-পাচলি বা গছ-গছনি ৰোপণ কৰিব পাৰি।

Leave A Reply

Your email address will not be published.