Daily Time Axom

অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

0 41

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ আজি অৰুণাচললৈ ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অৰুণাচলৰ চিয়াং জিলাত কাৰ্যসূচীত অংশ ল’ব ৰাজনাথ সিঙে। টাৱাং সীমান্তৰ উত্তেজনাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ।

সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত আহি উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নিশা তাতেই পাৰ কৰি আজি অৰুণাচলত উপস্থিত হ’বগৈ।

অৰুণাচলত তেওঁ মুকলি কৰিবলগীয়া ২৮ টা প্ৰকল্পৰ ভিতৰত আছে ১০০ মিটাৰ দৈৰ্ঘ্যৰ চিয়াং জিলাৰ শ্বিয়ম দলং। সীমান্ত পথ সংস্থাৰ ২৭ টা প্ৰকল্প। এই আটাইকেইটা প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে ৭২৪.৩ কোটি টকা।

Leave A Reply

Your email address will not be published.