চৰ্দাৰ হাজী জান মহম্মদ খান পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ বাসিন্দা।
তেওঁৰ জীৱনৰ লক্ষ্য মাথোঁ এটাই। ১০০টা সন্তানৰ পিতৃ হোৱা। শেহতীয়াকৈ তেওঁ ৬০টা সন্তানৰ পিতৃ হিচাপে পৰিগণিত হৈছে।
বৰ্তমান জান মহম্মদৰ ঘৰত আৰু তিনিগৰাকী পত্নী আছে।
এতিয়া তেওঁ চতুৰ্থ পত্নীক বিচাৰি আছে।
শতক সম্পূৰ্ণ কৰিবলৈকে তেওঁ আৰু পত্নী বিচাৰিছে।
জান মহম্মদৰ ৩ পত্নীয়ে ৬০টা সন্তান জন্ম দিছে যদিও ইয়াৰে ৫৫টা সন্তান জীয়াই আছে। সকলো সুস্থ। ৫টা শিশুৰ মৃত্যু। তেওঁ পত্নী আৰু সন্তানৰ সৈতে একেখন ঘৰতে থাকে।
এই পঞ্চাশ বছৰীয়া মানুহজন পেছাত ফাৰ্মাচিষ্ট। অঞ্চলটোত তেওঁৰ এখন ক্লিনিক আছে। জান মহম্মদ খানে তেওঁৰ ৬০তম সন্তানৰ নাম ৰাখিলে খুছহাল খান।