নিউজ ডেস্ক, ৪ জানুৱাৰীঃ সুৰাই কাল হ’ল এটা পৰিয়ালৰ। নিমিষতে জ্বলি ছাই হৈ গ’ল এটা ঘৰ।মঙলবাৰে নিশা নামতিৰ বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ কাষতে থকা চিৰন্তন দত্ত নামৰ লোক জনে সুৰাৰ ৰাগীত মাতাল হৈ নিজ ঘৰতেই অগ্নিসংযোগ কৰাৰ ফলতেই নিমিষতে সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় বাসগৃহটো।
নিমিষতে জুইত জাহ যায় লক্ষাধিক টকাৰ সা সম্পত্তি।চিৰন্তন দত্ত নামৰ লোক জনে প্ৰায়েই সুৰাপান কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে পত্নীৰ লগতে স্থানীয় ৰাইজে । মংগলবাৰৰ নিশা পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ পত্নীক এখন দাৰে আক্ৰমণৰ চেষ্টা কৰাত পত্নীয়ে পলাই গৈ চুবুৰীয়া এঘৰত সন্তানসহ আত্মগোপন কৰাৰ পিছতেই লোকজনে নিজৰ গৃহত অগ্নিসংযোগ কৰে।
লগে লগে অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হোৱাত পৰিয়ালৰ লোকে জুই নিৰ্বাপন কৰিবলৈ ওলাই অহাত চিৰন্তন দত্তই জুই নিৰ্বাপন কৰিবলৈ অহা লোককো চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে।
ঘটনাস্থলীত আমগুৰি, নাজিৰা আৰু শিৱসাগৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহন অহি ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যেই বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। ঘটনাস্থলীত নামতি আৰক্ষী উপস্থিত হৈ চিৰন্তন দত্তক আটক কৰে।
Comments are closed, but trackbacks and pingbacks are open.