Daily Time Axom

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ঘৰত আক্ৰমণ, ভাঙি চুৰমাৰ কৰিলে গাড়ী, জ্বলাই দিলে ঘৰ

52

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত তাণ্ডৱ দুৰ্বৃত্তৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ হিৰুধন দেৱৰ বাৰ্ষিক আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । কেৱল ইয়াতেই ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে শ্ৰাদ্ধৰ বাবে নিমন্ত্ৰণ জনোৱা পুৰোহিত সকলকো শাৰীৰিকভাৱে প্ৰহাৰ কৰে ।

আনহাতে, বিপ্লৱ দেৱৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ ওপৰিও নিকটৱৰ্তী অঞ্চলৰ দোকান-পোহাৰ আদিও লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তৰ দলটোৱে ।

Comments are closed, but trackbacks and pingbacks are open.