কলিয়াবৰৰ বড়িগাঁৱত হাতীৰ আক্রমণত নিহত এজন

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজনৰ মৃত্যু। কলিয়াবৰৰ বড়িগাঁৱত ঘৰৰ চোতালতে হাতীৰ আক্ৰমণত মোহন তামুলী নামৰ ৮৫ বছৰীয়া বৃদ্ধজনে হেৰুৱালে প্ৰাণ।

বনৰীয়া হাতীটোৱে বৃদ্ধজনক মূৰ আৰু ভৰিত গছকি হত্যা কৰে। ঘটনাস্থলীত বনবিভাগ আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় অহা হাতীয়ে দীৰ্ঘদিন ধৰি কলিয়াবৰৰ ভিন্ন প্ৰান্তত চলাইছে তাণ্ডৱ। কলিয়াবৰৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাট।

AssamDaily time axomDeathElephant AttackIndiaKoliabor