ৰাজ্যৰ ২১ গৰাকী বিশিষ্ট ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ সন্মানঃ এজনলৈ অসম বৈভৱ, ৫ জনলৈ অসম সৌৰভ, ১৫ জনলৈ অসম গৌৰৱ বঁটা
নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ চিকিৎসক ডাঃ তপন শইকীয়ালৈ।
অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।
ইয়াৰ উপৰিও, অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী , শীলা গোৱালা , ডাঃ যোগেশ দেউৰী, পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ , ড০ ধ্ৰুৱজ্যোতি শৰ্মা , দয়াল গোস্বামী আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।
এই বঁটাসমূহ জুলাই মাহৰ ভিতৰত প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি প্ৰকাশ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
Comments are closed, but trackbacks and pingbacks are open.