ধৰ্ষণকাৰী-গেংষ্টাৰক চুলি কাটি ঘূৰাব লাগেঃগেহলট

গেংষ্টাৰ আৰু ধৰ্ষণকাৰীক লৈ ডাঙৰ মন্তব্য দিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। তেওঁ কয় – পাৰিলে ধৰ্ষণকাৰী আৰু গেংষ্টাৰৰ চুলি কাটি বজাৰত মানুহৰ মাজত ঘূৰাম। তেতিয়া লাজত আন মানুহেও একে কাম কৰিবলৈ ভয় কৰিব। বৃহস্পতিবাৰে উদয়পুৰত এই বক্তব্য প্ৰদান কৰিছে গেহলটে।

ৰাজস্থানত গেং ৱাৰ বৃদ্ধিৰ প্ৰশ্নক লৈ এই মন্তব্য কৰে গেহলটে।

তাৎপৰ্যপূৰ্ণভাৱে আলৱাৰত গেং ৱাৰৰ সময়ত বৃহস্পতিবাৰে গুলীচালনা সংঘটিত হৈছিল, য’ত দুগৰাকী নিৰীহ মহিলাক গুলীয়াই হত্যা কৰা হৈছিল। গেহলটে গেংষ্টাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়ে।

AssambollywoodDaily time axomIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment