Daily Time Axom

আকৌ এছিয়া কাপত একেটা গ্ৰুপতে ভাৰত-পাকিস্তান

0 49

এছিয়া কাপত পুনৰ একেটা গ্ৰুপতে দেখা যাব ক্ৰিকেটৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তানক।

এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি জয় শ্বাহে এটা টুইটযোগে এই খবৰ দিয়ে। জয়ে টুইটাৰত প্ৰকাশ কৰা কেলেণ্ডাৰ অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এছিয়া কাপ অনুষ্ঠিত হ’ব। তাত ভাৰত আৰু পাকিস্তান একেটা গোটতে আছে। এখন দেশ তৃতীয় দল হিচাপে যোগ্যতা অৰ্জন কৰিব লাগিব। গ্ৰুপটোৰ আন তিনিটা দল হৈছে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান। ২০২২ চনত ভাৰত আৰু পাকিস্তানে একেলগে এছিয়া কাপ আৰু টি-২০ বিশ্বকাপত তিনিবাৰকৈ মুখামুখি হৈছিল। যোৱা বছৰ এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল। অৱশ্যে ছুপাৰ ফোৰৰ মেচত পাকিস্তানৰ হাতত পৰাস্ত হয় ৰোহিত শৰ্মাৰ দল। টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিছিল। জয়ৰে আৰম্ভণি কৰিছিল টিম ইণ্ডিয়াই। যদিও তেওঁলোকে নিজৰ ঘৰুৱা খেলপথাৰত মুখামুখি হোৱা নাই, ভাৰত আৰু পাকিস্তানে বিগত দুবছৰত কেইবাবাৰো নিৰপেক্ষ স্থানত মুখামুখি হৈছে।

Leave A Reply

Your email address will not be published.